পুনৰ আৰক্ষীৰ জিম্মালৈ বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা নিতু অসমক

বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা চামচুল হক ওৰফে নিতু অসমক পুনৰ আৰক্ষীৰ জিম্মালৈ ।

কিছুদিন পূৰ্বে ৰঙিয়াৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীক আঁঠু কঢ়াই ক্ষমা খুজিব দি ভিডিঅ’ কৰি ছচিয়েল মিডিয়াত এৰি দিছিল ।

পিছত চামচুল হক ওৰফে নিতু অসমৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰংগ দলে এইজনা শয়ম্ভু নেতাৰ ওপৰত ৰঙিয়া থানাত এক গোচৰ ৰুজু কৰিছিল ।

উক্ত গোচৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে বিচাৰি আছিল চামচুল হক ওৰফে নিতু অসমক ।

তাৰ মাজতে দুদিন পূৰ্বে চোছিয়েল মিডিয়াত আলফাত যোগদান কৰিব গৈ আছো বুলি বাৰ্তা দিছিল ।

আলফাত যোগদান কৰাৰ কথা চোছিয়েল মিডিয়াত স্পষ্টভাৱে প্ৰকাশ কৰিছিল শয়ম্ভু নেতা চামচুল হক ওৰফে নিতু অসমে ।

কালি ৰঙিয়া আৰক্ষীৰ এটা দলে গোলাঘাট জিলাৰ বোকাখাটৰ পৰা আটক কৰে শয়ম্ভু নেতা চামচুল হক ওৰফে নিতু অসমক ।

সম্প্ৰতি ৰঙিয়া আৰক্ষীয়ে বীৰ লাচিত সেনাৰ শয়ম্ভু নেতা চামচুল হক ওৰফে নিতু অসমক কেচ নং 85/25 US, 147/148 BNS RWSEC 10/13 ধাৰাৰ অধীনত ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই ।

পিছত শয়ম্ভু নেতা চামচুল হক ওৰফে নিতু অসমক চাৰি দিনৰ আৰক্ষীৰ জীম্মালৈ প্ৰেৰণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top