সামাজিক মাধ্যমত ‘Operation Sindoor ’ৰ পাছত প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথমটো পোষ্ট…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে নিজ এক্স হেণ্ডেলত তিনিটাকৈ টুইট কৰে। তেওঁ এক্স হেণ্ডেলযোগে ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভষ্টক নিউ পোপ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শুভেচ্ছা জনায়।

তেওঁ এক্সত লিখিছে, “মই ভাৰতৰ জনসাধাৰণৰ হৈ পৰম পবিত্ৰ পোপ চতুৰ্দশ লিঅ’লৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। কেথলিক গীৰ্জাৰ নেতৃত্বই শান্তি, সম্প্ৰীতি, সংহতি আৰু সেৱাৰ আদৰ্শক আগুৱাই নিয়ক। আমাৰ মূল্যবোধক আগুৱাই নিবলৈ পবিত্ৰ সতীৰ্থৰ সৈতে আলোচনা আৰু সংযোগ অব্যাহত ৰখাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

প্ৰথম পোষ্ট দিয়াৰ লগে লগে প্ৰধানমন্ত্ৰীৰ টুইটত সঁহাৰি জনাই জনসাধাৰণে। কমেণ্ট ছেকচনত জনসাধাৰণে তেওঁক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দেশৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে।

প্ৰধানমন্ত্ৰী মোডীৰ দ্বিতীয়টো পোষ্টত তেওঁ মহান মেৱাৰ যোদ্ধা মহাৰাণা প্ৰতাপক শ্ৰদ্ধাঞ্জলি জনায়। ভাৰতৰ অমৰ যোদ্ধা গৰাকীক তেওঁ শত শত নমন কৰে। হিন্দীত লিখা তেওঁৰ পোষ্টটোৰ অনুবাদ আছিল এনেধৰণৰ, মাতৃভূমিৰ আত্মসন্মান ৰক্ষাৰ বাবে তেওঁ যি সাহস প্ৰদৰ্শন কৰিছিল সেয়া আজিও আমাৰ বীৰসকলৰ বাবে পথ প্ৰদৰ্শক। ভাৰত মাতৃৰ প্ৰতি উৎসৰ্গিত তেওঁৰ বীৰ জীৱনে দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব।

তেওঁৰ তৃতীয়টো পোষ্টত কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, “গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰলৈ জয়ন্তীত শ্ৰদ্ধাঞ্জলি। ভাৰতৰ সাহিত্যিক আৰু সাংস্কৃতিক আত্মাক গঢ় দিয়াৰ বাবে তেওঁক মৰমেৰে স্মৰণ কৰিছো। তেওঁৰ ৰচনাসমূহে মানৱতাবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু একে সময়তে জনসাধাৰণৰ মাজত জাতীয়তাবাদৰ মনোভাৱ জগাই তুলিছিল।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top