পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ উল্লাস।সংখ্যালঘু এলেকাতো বিজেপিৰ ভোট লাভ।পঞ্চায়তত বিজেপিৰ উত্থান

শিৱসাগৰত পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ উল্লাস।সংখ্যালঘু এলেকাতো বিজেপিৰ ভোট লাভ।পঞ্চায়তত বিজেপিৰ উত্থান
১২ খনৰ ভিতৰত ১১ খন জিলা পৰিষদ বিজেপিৰ দখলত, এখন অগপৰ দখলত

শিৱসাগৰ জিলাত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল বিজেপিৰ বাবে আনন্দ আৰু সন্তুষ্টি কঢ়িয়াই আনিছে। জিলা খনৰ ১২ খন জিলা পৰিষদৰ ভিতৰত ১১ খনতে বিজেপিয়ে একক ভাৱে বিজয় অর্জন কৰাৰ দিশে আগবাঢ়িছে। কেৱল আনুষ্ঠানিক ঘোষণা বাকী থকাৰ মাজতে জিলাখনত বিজেপি নেতা আৰু কৰ্মীসকলে বিজয় উৎসৱৰ পৰিৱেশ সৃষ্টি কৰিছে।

এখন আসনখন মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে দখল কৰিবলৈ সক্ষম হৈছে।
বিশেষকৈ পৰ্বে কংগ্ৰেছ আৰু বৰ্তমান ৰাইজৰ দলৰ দখলত থকা শিৱসাগৰ সমষ্টিটোত আটাইকেইখন জিলা পৰিষদ বিজেপিয়ে দখল কৰাৰ পিছত বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে সন্তুষ্টি প্ৰকাশ কৰি কয় যে—‘শিৱসাগৰৰ ৰাইজে চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ প্ৰতি বিশ্বাস দেখুৱাই বিজেপি দলক সমৰ্থন জনাইছে। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ নেতা কৰ্মীৰ দাম্ভিক ভাষণ- বতৰাত জনসাধাৰণ ভুল নগ’ল। শিৱসাগৰৰ ৰাইজে দাম্ভিকতা পছন্দ নকৰে।’

বিজেপিয়ে সংখ্যালঘু অঞ্চলসমূহতো উল্লেখযোগ্য ভোট লাভ কৰিছে বুলি দাবী কৰি কুশল দুৱৰীয়ে কয়—‘অতীতত সংখ্যালঘু ৰাইজক কংগ্ৰেছে ভুৱা প্ৰতিশ্ৰুতিৰ জালত বান্ধি ৰাখিছিল। মোডী চৰকাৰে জাত-পাতৰ উৰ্ধত সকলোৰে বাবে উন্নয়নৰ আঁচনি আগবঢ়াই সকলো জনগোষ্ঠীৰ মন জিকিবলৈ সক্ষম হৈছে।‘যোৱা লোকসভা নিৰ্বাচনত শিৱসাগৰৰ ৰাইজে কংগ্ৰেছৰ ঢৌত ভোট প্ৰদান কৰিছিল। শেহতীয়া পঞ্চায়ত নিৰ্বাচনত ৰাইজে এই ভুল বুজি উঠিছে। বিজেপিৰ উন্নয়নমূলক আঁচনিত আস্থা দেখুৱাইছে।’
