ডিমৌ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত সমৰ্থকৰ হতাশা, মাইক যোগে ফলাফল ঘোষণা নোহোৱাত ক্ষোভ

ডিমৌ সমজিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ সময়ত ভোট গণনা কেন্দ্ৰৰ বাহিৰত বহু সংখ্যক দৰ্শক আৰু সমৰ্থকে উলহ-মালহে ৰৈ থকা পৰিলক্ষিত হৈছে যদিও, গণনাৰ ফলাফল মাইক যোগে ঘোষণা নকৰাত সমৰ্থকসকলে গভীৰ নিৰাশা প্ৰকাশ কৰিছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ফলাফল ঘোষণা সময়ত বাহিৰত ৰৈ থকা বহু সমৰ্থক আৰু সাধাৰণ ভোটাৰে নিজ নিজ প্ৰাৰ্থীৰ অৱস্থা জানিবৰ বাবে আগ্ৰহেৰে ৰৈ আছে, কিন্তু ভিতৰৰ ফলাফলসমূহ স্পষ্টভাৱে বাহিৰলৈ জনোৱা নোহোৱাকলৈ তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। ফলাফলসমূহ মাইক যোগে অথবা দৃশ্যমান অৱস্থাত ঘোষণা কৰা হ’লে সমৰ্থকসকলৰ সুবিধা হ’ল হেতেন বুলি স্থানীয় ৰাইজে মন্তব্য কৰে।

সমজিলাৰ ভোট গণনাৰ সময়ত অধিক স্বচ্ছতা আৰু সমৰ্থকসকলৰ সুবিধাৰ দিশত সংশ্লিষ্ট প্রশাসনে লক্ষ্য ৰখাৰ দাবী জনাইছে।