পঞ্চায়ত প্ৰাৰ্থীৰ বিজয় উল্লাস….
ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে ৰঙিয়াৰো পঞ্চায়ত সমূহত বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে।

ভোটাৰ ৰাইজে প্ৰাৰ্থী সকলক দিয়া মৰম আশীৰ্বাদৰ সলাগ লৈছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে।
ৰঙিয়া সমষ্টিৰ প্ৰতিটো প্ৰাৰ্থীয়ে প্ৰথমে ৰাইজৰ মূল সমস্যা সমূহ পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ সৈতে মিলি আগুৱাই যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইফালে ১০৮নং মৰাণজানা হাহৰা গাওঁ পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ৰেহেনা বেগমে পঞ্চায়তৰ সভানেত্ৰী হিচাপে যোৱা কাৰ্যকালত আছিল যদিও উন্নয়নৰ আধৰুৱা কামকাজ এইবেলি সম্পূৰ্ণ কৰিব বুলি ৰাইজ প্ৰতিশ্ৰুতি দিয়ে।
আনহাতে ধুহিবালা বৰলীয়া পাৰ গাঁও পঞ্চায়তৰ প্ৰাৰ্থী মফিদা বেগমৰ স্বামী গিয়াচুদ্দিন আহমেদেও ধুহিবালা গাঁও পঞ্চায়তৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল যদিও অঞ্চলটোত বাকী ৰৈ যোৱা উন্নয়নমূলক কাম সমূহ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।