বহিঃৰাজ্যত পুনৰ মৃত্যুক সাৱটিলে অসমীয়া যুৱকে। ঘটনাৰ স্থান তামিলনাডু।
তামিলনাডুলৈ কৰ্মসংস্থাপন বিচাৰি গৈছিল ৰঙাপৰাৰ এজন যুৱকে। তামিলনাডুলৈ যোৱাৰ পিছতেই নতুন চেঁচা গাঁৱৰ জন ইন্দুৱাৰ নামৰ যুৱকজনে হঠাৎ মৃত্যুক সাৱটি লয়। এই ঘটনাক
সহজে ল’ব পৰা নাই পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজে।

পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান জন ইন্দুৱাৰে একেখন গাঁৱৰে এণ্টনি ধানোৱাৰৰ সৈতে যোৱা ২৫ ফেব্ৰুৱাৰীত ঘৰৰ পৰা ওলাই গৈ ৰঙাপৰাৰ পৰা ৰেল যোগে তামিলনাডুলৈ যাত্ৰা কৰিছিল। কিন্তু হঠাৎ ২৮ ফেব্ৰুৱাৰীত তামিলনাডুৰ ইৰট ৰেলৱে জংচনত ৰেল আৰক্ষীয়ে জন ইন্দুৱাৰৰ মৃতদেহ উদ্ধাৰ কৰে। সুস্থ অৱস্থাৰে ঘৰৰ পৰা ওলাই যোৱা যুৱকজনৰ কেনেকৈ মৃত্যু ঘটিল তাকে লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে ।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে জন ইন্দুৱাৰৰ পৰিয়ালবৰ্গ। মৃতদেহৰ মুখমণ্ডলত আঘাটৰ চিন স্পষ্ট। সেয়ে কোনো অজ্ঞাত লোকে যুৱকজনক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে৷ এই ৰহস্যজনক ঘটনাটোৰ সন্দৰ্ভত উচিত তদন্তৰ দাবী উত্থাপন কৰিছে জন ইন্দুৱাৰৰ পৰিয়ালবৰ্গৰ লগতে ৰাইজে। চৰকাৰকো উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে পৰিয়ালবৰ্গই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top