‘অসম-নাগালেণ্ড সাংস্কৃতিক বিনিময়’ শীৰ্ষক বিশেষ কাৰ্যসূচী।
অসম-নাগালেণ্ডৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী

নাগালেণ্ডৰ ফৰ্ম পিপলছ কাউন্সিল আৰু লংলেং জিলা প্ৰশাসনৰ উদ্যোগত ইয়ংলক ৰাজহুৱা খেলপথাৰত আয়োজন কৰা হৈছে ‘অসম-নাগালেণ্ড সাংস্কৃতিক বিনিময়’ শীৰ্ষক বিশেষ কাৰ্যসূচী। দুই ৰাজ্যৰ জনসাধাৰণৰ মাজত সম্প্ৰীতি, সৌহাৰ্দ্য আৰু সু-সম্পর্ক অটুট ৰাখি ভাতৃত্ববোধৰ বন্ধন অধিক দৃঢ় কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

অনুষ্ঠানত লংলেং জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে নাগালেণ্ডৰ তামলু সমষ্টিৰ বিধায়ক বি. বাংতিক ফ’ম, লংলেং সমষ্টিৰ বিধায়ক এ. ফংচি ফ’ম, আৰু অসমৰ নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই বিশেষ অতিথিৰূপে উপস্থিত থাকে। লগতে অসম আৰু নাগালেণ্ডৰ বহুতো বিশিষ্ট ব্যক্তি, সমাজকৰ্মী আৰু সাংস্কৃতিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

এই বিশেষ বিনিময় অনুষ্ঠানত অসমৰ পৰম্পৰাগত হুঁচৰি, জেংবিহু আৰু নগালেণ্ডৰ নাগা পৰম্পৰাগত নৃত্য আদি সেউজীয়া মঞ্চত প্ৰদৰ্শন কৰা হয়। সংস্কৃতিৰে সংস্কৃতিৰ মিলনস্থলী হৈ পৰে ইয়ংলক খেলপথাৰ।

বিশেষ ৰূপে উল্লেখযোগ্য যে, এই অনুষ্ঠানত নাগালেণ্ডৰ নৃত্যদলৰ সৈতে দেৱব্ৰত শইকীয়া নিজেও মিলি পৰম্পৰাগত তালত নৃত্য কৰে, যিয়ে উপস্থিত দৰ্শকক আনন্দিত কৰি তোলে আৰু সৌহাৰ্দ্যৰ এক বিশেষ দৃশ্য ৰূপে পৰিলক্ষিত হয়।