গৌৰৱ গগৈৰ নাম কৰ্তন, কংগ্ৰেছৰ অস্থিৰতা আৰু পাকিস্তানক লৈ তীব্ৰ মন্তব্য। শিৱসাগৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া।

শিৱসাগৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া।
গৌৰৱ গগৈৰ নাম কৰ্তন, কংগ্ৰেছৰ অস্থিৰতা আৰু পাকিস্তানক লৈ তীব্ৰ মন্তব্য।

BJPৰ Agent কংগ্ৰেছত আছে — আব্দুল খালেকৰ মন্তব্যক উপহাস

টিয়কৰ পৰা প্ৰতিদ্বন্দ্বিতা – শুভকামনা, কিন্তু সভাপতি হোৱাৰ সম্ভাৱনা ক্ষীণ

শিৱসাগৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি সাংসদ গৌৰৱ গগৈৰ নাম সৰ্বদলীয় প্ৰতিনিধি দলৰ পৰা বাদ দিয়া সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকসকলক উদ্দেশ্য কৰি কয় যে— “গৌৰৱ গগৈৰ নাম বাদ পৰাটো সকলোৰে আশা আছিল। পাকিস্থানলৈ ইমান আদৰ-মৰম থকা এজন লোকক পাকিস্থানৰ বিৰুদ্ধে কথা ক’বলৈ দিয়াটো কিমান যুক্তিসংগত, মই নাজানো।”

তেওঁয়ে সন্দেহ প্ৰকাশ কৰি কয় যে এই নাম কৰ্তন কংগ্ৰেছে উপায়বিহীন হৈ কৰিছে নে চৰকাৰে নিৰাপত্তাৰ দিশত লক্ষ্য ৰাখি কৰিছে, সেয়া তেওঁয়ে স্পষ্টকৈ জনাব নোৱাৰে।

গৌৰৱ গগৈৰ অতীতৰ পাকিস্তান ভ্ৰমণ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে তীব্ৰ প্ৰশ্ন তুলি কয়, “মানুহ ক্ৰিকেট খেলিবলৈ, হকী খেলিবলৈ পাকিস্তানলৈ যায়। কিন্তু এজন সাংসদ, যিয়ে ভাৰতৰ প্ৰতিনিধি, তেওঁ কিয় পাকিস্থানলৈ গ’ল?” তেওঁয়ে স্পষ্টকৈ কয় যে ছেপ্তেম্বৰ মাহত এই সন্দৰ্ভত সকলো কথা পোহৰলৈ আহিব।

গৌৰৱ গগৈই টিয়কৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্তক শুভকামনা জনাই মাৰ্ঘেৰিটাই কয় — “এয়া ভাল কথা। কিন্তু তেওঁ কংগ্ৰেছ সভাপতি হ’ব বুলি আশা কৰাটো খুব ক্ষীণ। কাৰণ পাকিস্থান সংযোগ সন্দৰ্ভত সকলো স্পষ্ট হৈ পৰিছে।” তেওঁয়ে লগতে কংগ্ৰেছৰ বিষয়ে মন্তব্য কৰি কয়, “সভাপতি যিয়ে নে হওক, নতুনত্ব একো নাই।”

কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে কৰা মন্তব্য — “BJPৰ Agent কংগ্ৰেছত আছে” — বুলি মাৰ্ঘেৰিটাই উপহাসৰে কয়, “SUB AGENT, SECRET AGENT — এইবোৰৰ বিষয়ে ভূপেন বৰা আৰু ৰিপুন বৰাই ভালদৰে বুজি পায়। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক কাৰ্যসূচীত আকৃষ্ট হোৱা লোক কংগ্ৰেছতো আছে। নহ’লে যোৰহাট লোকসভা সমষ্টিত আমি এনে ভাল ফলাফল কিয় পালোঁ?”

উল্লেখযোগ্য যে, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি শিৱসাগৰৰ জ্যেষ্ঠ ফটো-ভিডিঅ’ সাংবাদিক মুন্না আগৰৱালাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ খবৰ লয়। এই সাক্ষাৎকাৰৰ পিছতেই সংবাদ মাধ্যমৰ সৈতে কথোপকথনত তেওঁয়ে উক্ত বিতৰ্কিত মন্তব্যসমূহ কৰে।

এই মন্তব্যৰ পাছত ৰাজ্যৰ ৰাজনীতিত পুনৰ এক বিতৰ্কৰ সৃষ্টিৰ সম্ভাৱনা দেখা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top