প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি ১৮ বছৰীয়া যুৱতী
প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি ১৮ বছৰীয়া যুৱতী। আত্মহত্যাৰ অভিযোগ, জিতু আলীৰ বিৰুদ্ধে পৰিয়ালৰ এজাহাৰ । ৰঙিয়াৰ কাছাৰী শৌলমাৰী অঞ্চলত এই হৃদয়বিদাৰক ঘটনা ।

ৰঙিয়াত প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি ১৮ বছৰীয়া যুৱতী । আত্মাহত্যাৰ অভিযোগ, জিতু আলীৰ বিৰুদ্ধে পৰিয়ালৰ এজাহাৰ । ৰঙিয়াৰ কাছাৰী শৌলমাৰী অঞ্চলত এটা হৃদয়বিদাৰক ঘটনা । এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি হৈ ঘৰৰ ফেনত চিপ লৈ আত্মাহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

পৰিয়ালৰ দাবী অনুসৰি, যুৱতীগৰাকীৰ প্ৰেমিক ৰঙিয়াৰ কেন্দুকোনা কছৰুৱাৰ জিতু আলীয়ে তেওঁৰ অশ্লীল ফটো আৰু ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি বাৰে বাৰে মানসিক নিৰ্যাতন চলাইছিল । এই নিৰ্যাতনৰ ফলত অতিষ্ঠ হৈ যুৱতীগৰাকীয়ে জীৱনৰ চৰম পন্থা বাছি লোৱাৰ অভিযোগ কৰিছে পৰিয়ালে ।ঘটনাৰ পৰিপ্ৰেক্ষিতত যুৱতীৰ পিতৃয়ে ন্যায় বিচাৰি ৰঙিয়া আৰক্ষী থানাত জিতু আলীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে ।

পৰিয়ালৰ সদস্যসকলে জানিবলৈ দিয়া মতে, জিতু আলীৰ অব্যাহত ব্লেকমেইল আৰু মানসিক চাপৰ ফলত যুৱতীগৰাকী মানসিকভাৱে ভাঙি পৰিছিল, যাৰ পৰিণতিত তেওঁ এই দুৰ্ভাগ্যজনক সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল । এই ঘটনাই ৰঙিয়াৰ স্থানীয় লোকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। স্থানীয় লোকে দাবী কৰিছে যে অভিযুক্ত জিতু আলীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। ৰঙিয়া আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু অভিযুক্তক জিম্মাত লোৱাৰ প্ৰক্ৰিয়া চলাইছে।