বিশেষ তদন্তকাৰী দলে কংগ্ৰেছ কৰ্মী হিমানী নৰৱাল হত্যাকাণ্ডৰ এজন অভিযুক্তক আটক কৰিছে। জেৰাৰ সময়ত অভিযুক্তই নিজকে হিমানীৰ প্ৰেমিক বুলি পৰিচয় দিছে। লগতে অভিযুক্তই হিমানীক তেওঁৰ ঘৰতে হত্যা কৰা বুলিও স্বীকাৰ কৰিছে ।

জানিব পৰা তথ্য অনুসৰি, হিমানীক হত্যা কৰাৰ পিছত তেওঁৰ মৃতদেহটো এটা ছুটকেছত ভৰাইছিল অভিযুক্তই। ছুটকেছটো আছিল হিমানীৰ। ২৮ ফেব্ৰুৱাৰীৰ পুৱা তেওঁ এই ছুটকেছটো পৰিত্যক্ত স্থানত থৈ গৈছিল। দীৰ্ঘদিন ধৰি হিমানীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলি জানিবলৈ দিছে অভিযুক্তই।
উল্লেখযোগ্য যে, শনিবাৰে হাৰিয়ানাৰ ৰোহটক-দিল্লী পথৰ কাষত এটা ছুটকেছৰ ভিতৰত উদ্ধাৰ হৈছিল কংগ্ৰেছ কৰ্মী হিমানী নৰৱালৰ মৃতদেহ। কংগ্ৰেছ কৰ্মী গৰাকীৰ মাতৃয়ে এই হত্যাকাণ্ড সন্দৰ্ভত দলটোৰ একাংশ কৰ্মীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে, ‘দলৰ প্ৰতি তাইৰ সক্ৰিয়তাৰ বাবেই একাংশ লোকে তাইৰ বিৰুদ্ধে শত্ৰুতা ৰাখিছিল ৷’
লগতে মাতৃয়ে কয় যে, ‘মোৰ ছোৱালীজনী নিৰ্বাচনৰ পিছত দলটোক লৈ অলপ হতাশ হৈছিল ৷ হিমানী ভূপিন্দৰ সিং হুদাৰ পত্নী আশা হুদাৰ অতি ঘনিষ্ঠ আছিল। পুৱা আশা হুদালৈ ফোন কৰিছিলো যদিও তেওঁ মোৰ ফোন ৰিচিভ নকৰিলে।’
ঘটনাটো সংঘটিত হোৱা পাছতে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে কংগ্ৰেছ নেতৃত্বই। আৰক্ষীৰ মতে, হিমানীক ডিঙি চেপি হত্যা কৰা হৈছিল।
ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল ছ’চিয়েল মিডিয়াত সদায় সক্ৰিয় হৈ থকা হিমানী নৰৱালে।