শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ ঘটনা! ঘটনাটো সংঘটিত হ’ল কিদৰে?
শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ ঘটনা! ঘটনাটো সংঘটিত হ’ল কিদৰে? ভয়াবহ অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ ক্ষতিসাধন।

শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ ক্ষয়ক্ষতি
শিৱসাগৰৰ জয়সাগৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলত আতংক সৃষ্টি কৰিছে। নেকিবুদ্দিন আহমেদ নামৰ এজন ব্যক্তিৰ “এন অম অটোম’” নামৰ ইলেকট্ৰিক বাহন বিক্ৰী কৰা প্ৰতিষ্ঠানত এই অগ্নিকাণ্ড সংঘটিত হয়।
প্ৰত্যক্ষদৰ্শীৰ মতে, অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সঠিক কাৰণ বৰ্তমানলৈকে নিশ্চিতভাৱে জানিব পৰা হোৱা নাই। যদিও প্ৰাথমিকভাৱে ইলেকট্ৰিক সংযোগৰ ত্ৰুটিক কেন্দ্ৰ কৰি সন্দেহ প্ৰকাশ কৰা হৈছে, তেন্তেও সঠিক অনুসন্ধানৰ পিছতে অগ্নিকাণ্ডৰ মূল কাৰণ পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰা হৈছে।

অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হৈছে। ঘটনাৰ সময়ত ড্ৰিলাৰটোৰ ভিতৰত ২৭ খন ইলেকট্ৰিক বাহন আছিল, যাৰ ফলস্বৰূপ, কেৱল বাহনৰ ক্ষতিতেই প্ৰায় বহুলক্ষাধিক টকাৰ সা-সম্পত্তি লোকচান হোৱাৰ আশঙ্কা কৰা হৈছে।
অগ্নি নিৰ্বাপক বাহিনীৰ পলম উপস্থিতিয়ে ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজ আৰু প্ৰতক্ষ্যদৰ্শীয়ে অভিযোগ কৰে যে, বাৰম্বাৰ খবৰ দিয়াৰ পিছতো অগ্নিনিবাপক বাহিনী দীৰ্ঘ সময়ৰ পিছত ঘটনাস্থলীত উপস্থিত হয়। যদিহে সময়মতে বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিলেহেঁতেন, তেনেহলে বহুসংখ্যক বাহন আৰু সা-সম্পত্তি ৰক্ষা পোৱা সম্ভৱ হেঁতেন বুলি তেওঁলোকৰ অভিযোগ।

ঘটনাৰ পাছত স্থানীয় ৰাইজে শিৱসাগৰ জিলা প্ৰশাসনৰ পৰা অগ্নি নিৰ্বাপন ব্যৱস্থাক অধিক দক্ষ আৰু তৎপৰ কৰি তোলাৰ দাবী জনাইছে।
ইতিমধ্যে জিলা প্ৰশাসন আৰু অগ্নি নিৰ্বাপক বিভাগে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।