ওদালগুৰিত বিজেপিৰ যোগদান কাৰ্যসূচী

বিষ্ণুৰাভা প্ৰেক্ষাগৃহত বিজেপিৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সক্ৰিয় কাৰ্যকৰ্তা সন্মিলন আৰু বিশাল যোগদান সভা। এই সভাৰ পৰাই BTR নিৰ্বাচনৰ ৰণশিঙা বজালে বিজেপিয়ে, উপস্থিত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বিজেপিৰ কেইবাজনো বিধায়ক
ভাৰতীয় জনতা পাৰ্টি, ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আয়োজিত সক্ৰিয় কাৰ্যকৰ্তা সন্মিলন আৰু বিশাল যোগদান কাৰ্যসূচীত অংশ লৈ সহস্ৰাধিক কাৰ্যকৰ্তাক সম্বোধন কৰে দিলীপ শইকীয়াই।

এই সভাত আগন্তুক BTR নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচণ্ড বিজয়ৰ সংকল্পলৈ কাৰ্যকৰ্তা সকলক কাম কৰি যোৱাৰ বাবে আহ্বান জনাই
দিলীপ শইকীয়াই।
এই বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দ্বাৰা হোৱা বিকাশৰ অনিৰুদ্ধ যাত্ৰা তথা BJP দলৰ নীতি, আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ UPPL ৰ জ্যেষ্ঠ নেতা নন্দৰাম বড়ো, বিশিষ্ট কৌতুক অভিনেতা বিপুল ৰাভা, বিশিষ্ট অধিবক্তা মধুস্মিতা বড়ো, প্ৰাক্তন AKRASU ৰ নেতা দীপাংকৰ ৰাজবংশী সহ ২২০ জন বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

এই কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকা, বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লব লোচন দাস, বিধায়ক দিগন্ত কলিতা, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিউজ , ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ শৰ্মা , ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰী , বিটিআৰৰ এমচিএলএ, ইএমসহ দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।