শিৱসাগৰত বনফুলৰ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ ১৩৪ সংখ্যক ওপজা দিন উদযাপন
শিৱসাগৰৰ নিউ লুক একাডেমীত আজি বনফুলৰ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ ১৩৪ সংখ্যক ওপজা দিন এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে উদযাপন কৰা হয়। অনুষ্ঠানত বিশিষ্ট কবি পুঞ্জন বৰুৱা আৰু বিজয় ৰবি দাস উপস্থিত থাকি দুৱৰাৰ সাহিত্যিক অৱদানৰ বিষয়ে আলোকপাত কৰে আৰু স্ব-ৰচিত কবিতা পাঠ কৰে।

বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীমন্ত বৰঠাকুৰে আদৰণী ভাষণ প্ৰদান কৰি কয় যে জাতীয় জীৱন আৰু ভাষা-সাহিত্যক সমৃদ্ধ কৰা পূৰ্বজসকলক সোঁৱৰণ কৰাটো সভ্য সমাজৰ লক্ষণ। ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক বদন চন্দ্ৰ শৰ্মা, কণমানি ছাত্ৰ চাওখুন গগৈ আৰু সম্বৃত দত্তৰ গীতে অনুষ্ঠানটো জীপাল কৰি তোলে ।স্বস্তিকা শ্ৰেয়ম ভঁৰালী, ৰিবি গাছেং গগৈ আৰু আকৃতি মালাকাৰে দুৱৰাৰ কবিতা পাঠ কৰে। জ্যেষ্ঠ অভিনেতা জয়ন্ত বৰঠাকুৰ, অৰ্ণৱ বৰদলৈ আৰু শিল্পী হাতী বৰুৱাৰ সংলাপ প্ৰক্ষেপণে অনুষ্ঠানটো অধিক প্ৰাণবন্ত কৰি তোলে।

বিদ্যালয়ৰ শিক্ষক সুৰজিৎ বৰদলৈে যতীন দুৱৰাৰ কাব্য প্রতিভাৰ বিষয়ে ব্যক্তব্য আগবঢ়ায়। অনুষ্ঠানটোৰ পৰিচালনা কৰে শিক্ষয়িত্ৰী তথা কবি মেঘালী হাজৰিকা কাকতিয়ে।
