কৃষি বিভাগৰ আচঁনি অবিহনে কৃষি কাৰ্যত আপ্ৰাণ চেষ্টা এগৰাকী কৃষকৰ
কৃষি বিভাগৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ

কৃষি বিভাগৰ আচঁনি অবিহনে কৃষি কাৰ্যত আপ্ৰাণ চেষ্টা মমত কুমাৰৰ । হালিকুছিৰ মমত কুমাৰে কৃষি বিভাগৰ বহু অভিলাষী আচঁনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ।
মমত কুমাৰে খেতি পথাৰত ট্ৰবেৰীৰ পৰা আৰম্ভ কৰি চান ফ্লাৱাৰ, পালেং, আলু, জলকীয়া, তিয়ঁহ, জিকা-ভোল, তিতাকেৰেলাকে আদি কৰি বিভিন্ন ধৰণৰ খেতি কৰি জীৱন নিৰ্বাহৰ পথ বাচি লৈছে ।

বিভিন্ন শস্যৰ খেতি কৰাৰ পিছতো কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সহাঁৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে মমত কুমাৰে ।
উল্লেখ্য যে, যোৱা কিছুদিনৰ পৰা হৈ থকা মুখলধাৰ বৰষুণৰ ফলত বহু লোকচানৰ সন্মুখীন হৈছিল বুলি উল্লেখ কৰে কৃষকগৰাকীয়ে ।

মমত কুমাৰে কৃষি বিভাগক বাৰম্বাৰ আবেদন নিবেদন জনোৱাৰ পিছতো কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ ।
বিশেষকৈ কৃষকগৰাকীয়ে গ্ৰাম সেৱকগৰাকীক জনোৱাৰ পিছত তেখেতে উপস্থিত হৈ বৰ্তমানত বিভাগত একো নাই বুলি কৈ, যদি লাগে দুটা ঔষধৰ বটল দিব পাৰো বুলি কৈ দায়িত্ব সামৰাৰ গুৰতৰ অভিযোগ উত্থাপন কৰে কৃষকগৰাকীয়ে ।

আজি পৰ্যন্ত কৃষি বিভাগৰ কোনো এগৰাকী বিষয়া-কৰ্মচাৰী খেতিপথাৰত সহাঁৰি জনাবলৈ উপস্থিত হোৱা নাই বুলিও ভোক্ষ উজাৰে কৃষকগৰাকীয়ে।

যি সময়ত অসমৰ কৃষি মন্ত্রীগৰাকীয়ে কৃষিৰ ক্ষেত্ৰখনত অধিক উন্নতমানৰ হোৱা বুলি সামাজিক মাধ্যমত ঢাক-ঢোল বজাই আছে?তেনে সময়তে কৃষি কৰ্মকে জীৱন নিৰ্বাহৰ পথ হিচাপে বাচি লোৱা এজন কৃষকে বঞ্চিত হৈ থকাতো চিন্তনীয় বিষয় নহয়নে?

কৃষকগৰাকীয়ে কৃষি বিভাগক তেওঁক অকণমান সহায় সহযোগিতা আগবঢ়াৱলৈ বিনম্রভাৱে অনুৰোধ জনাইছে ।