বিজেপিৰ অপশাসনৰ অন্ত ঘটাবলৈ সাজু কংগ্ৰেছ —শিৱসাগৰত নৱ নিৰ্বাচিত সভাপতি গৌৰৱ গগৈক সম্বৰ্দ্ধনা, শিৱসাগৰত দেৱব্ৰত শইকীয়াৰ জোৰদাৰ প্ৰত্যুত্তৰ

—“বিজেপিৰ অপশাসন উফৰাবলৈ কংগ্ৰেছ সাজু।২০২৬ৰ বাবে নিজৰ ৰণনীতি প্ৰস্তুত

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিশত লক্ষ্য ৰাখি অসম কংগ্ৰেছে সাজি তুলিছে ৰণনীতি। বিজেপিৰ “ঝুমলাৰ ৰাজনীতি”ৰ বিপৰীতে কংগ্ৰেছে বাস্তৱিক প্ৰতিশ্ৰুতিৰে আগবাঢ়াৰ হেঁপাহ প্ৰকাশ কৰিছে। শিৱসাগৰত গৌৰৱ গগৈৰ ভ্ৰমণ উপলক্ষে সংবাদমাধ্যমৰ সৈতে কথা বাৰ্তাত এই কথা প্ৰকাশ কৰে বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই।

শইকীয়াই মন্তব্য কৰে —“বিজেপিৰ অপশাসন উফৰাবলৈ কংগ্ৰেছ সাজু। দলটোৱে ইতিমধ্যেই ২০২৬ৰ বাবে নিজৰ ৰণনীতি প্ৰস্তুত কৰিছে।”‌ লগতে কয় —“এবছৰৰ ভিতৰত তৃণমূলৰ পৰা সকলো বিষয়ববীয়াই একেলগে কাম কৰিবলৈ সাজু হ’ম। সাংগঠনিক দিশত ঐক্য আৰু শৃংখলাৰে আগবাঢ়ি যাব।”“কংগ্ৰেছে যিবোৰ প্ৰতিশ্ৰুতি দিয়ে, সেইবোৰ পালন কৰে। কিন্তু বিজেপিয়ে কেৱল ঘোষণাহে কৰে, বাস্তৱত একো নকৰে।”

বিৰোধী ঐক্যৰ প্ৰশ্নত স্পষ্ট প্ৰত্যুত্তৰত কয় যে – “নিশ্চিতভাৱে বিৰোধী শক্তি ঐক্যবদ্ধ হ’লে ভাল। কিন্তু কেতিয়াবা কিছু বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকে এই ঐক্যত বাধা দিয়ে। সেই বাধাসমূহ উপলব্ধি কৰা উচিত। কেৱল কংগ্ৰেছক বিগ ব্ৰাদাৰ বুলি আঙুলিয়াই থাকিলে নহয়।” “ভূপেন বৰাই গাড়ী কিনা বুলি অখিল গগৈয়ে ক’লে। পিছত ক’লে — সেয়া চুপতিহে আছিল। এনে ধৰণৰ আচৰণে কংগ্ৰেছক বদনাম কৰি নিজে লাভৰ আশা কৰা অবাঞ্ছনীয়।”

শইকীয়াৰ এই মন্তব্যেই কংগ্ৰেছৰ আভ্যন্তৰীণ সাংগঠনিক ঐক্যৰ ভেটি স্থাপন আৰু বিৰোধী ঐক্য গঢ়াৰ দুয়োটা দিশতে এক গুৰুতৰপূৰ্ণ পদক্ষেপৰ ইঙ্গিত দিয়ে। তদুপৰি, তেওঁ বিজেপিৰ চৰকাৰক “ঘোষণা মুখী” আখ্যা দিয়ে, কংগ্ৰেছৰ “কথা আৰু কাৰ্যৰ মিল”ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

২০২৬ৰ নিৰ্বাচনলৈ সময় যদিও আছে, তথাপি দেৱব্ৰত শইকীয়াৰ এই মন্তব্যৰে কংগ্ৰেছৰ ভৱিষ্যত ৰণনীতিৰ এক ইংগিত পোৱা গৈছে। এতিয়া প্ৰশ্ন হ’ল — কংগ্ৰেছ নিজকে সংগঠিত কৰি আন বিৰোধী দলসমূহক একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে এক শক্তিশালী বিকল্প গঢ়ি তুলিব পাৰিবনে?‌ সেয়া সময়তহে লক্ষণীয় হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top