অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ৷

নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ইফতাৰ বিতৰণ সংগ্ৰাম পৰিষদৰ৷ পৱিত্ৰ ৰমজান মাহৰ ইফতাৰ বিতৰণ অনুষ্ঠানৰ আয়োজন সংগ্ৰাম পৰিষদৰ৷ ইফতাৰ বিতৰণ অনুষ্ঠানত পূৰ্ণ সহযোগ কৰে বিশিষ্ট চিকিৎসক ডাঃ ফৰিদুল হুছেইনে৷

উল্লেখযোগ্য যে, ইফতাৰৰ অসুবিধাৰ বাবে ডাঃ ফৰিদুল হুছেইনৰ সৈতে যোগাযোগ কৰিছিল সংগ্ৰাম পৰিষদে৷
ইয়াৰ পিছতেই সংগ্ৰাম পৰিষদৰ আবেদন গ্ৰহণ কৰে মানৱ দৰদী দান বীৰ ডাঃ ফৰিদুল হুছেইনে৷

ইফতাৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় নেতা আবুবক্কৰ ছিদ্দিক, কেন্দ্ৰীয় নেতা মোছাব্বিৰ আলী আহমেদ,নগাঁও জিলা ভাৰপ্ৰাপ্ত সভাপতি ছফিকুল ইছলামৰ সৈতে নগাঁও জিলাৰ বিষয়ববীয়া৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top