বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত গছপুলি বিতৰণ কাৰ্যসূচী

আজি বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ উপলক্ষে শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতা বৃদ্ধি আৰু সমাজক পৰিৱেশ সহানুভূতিশীল পথলৈ আগবঢ়োৱাৰ উদ্দেশ্যে এই অনুষ্ঠানত গছপুলি বিতৰণ কৰা হয়।

অনুষ্ঠানটো শিৱসাগৰ প্ৰেছ ক্লাৱৰ ভাৰপ্ৰাপ্ত সম্পাদক হিমাংশু নেওগে আঁত ধৰে। অনুষ্ঠানৰ শুভ উদ্বোধন কৰে শিৱসাগৰ মহাবিদ্যালয়ৰ ভুটানী বিভাগৰ জ্যেষ্ঠ অধ্যাপক তথা শিৱসাগৰ প্ৰেছ ক্লাৱৰ উপ-সভাপতি ড° উৎপল দত্তই।

ড° উৎপল দত্তই শুভ উদ্বোধনী ভাষণত পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা, প্লাষ্টিক মুক্ত সমাজ গঠনৰ প্ৰতি দায়বদ্ধতা, আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যক্তি আৰু সমাজ দুয়োৰে ভূমিকা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰে। তেওঁ কয়, “আজি আমাৰ জীৱন ধাৰণৰ প্ৰকৃতিৰ ওপৰত হোৱা অধিকাৰৰ ফলত পৰিৱেশ সংকটত পৰিছে। এই সংকটৰ উত্তৰণৰ বাবে গছ ৰোপন আৰু ইয়াৰ সঠিক সংৰক্ষণ অতি জৰুৰী।”

অনুষ্ঠানত উপস্থিত থকা কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা সচেতন নাগৰিকে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সমাজৰ সক্ৰিয় ভূমিকা, গছপুলিৰ যত্ন লোৱাৰ প্ৰয়োজনীয়তা, আৰু পৰিৱেশ বান্ধৱ জীৱনশৈলীৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানৰ অন্তত শিৱসাগৰ প্ৰেছ ক্লাৱৰ সদস্যসকল, স্থানীয় ৰাইজ আৰু অতিথিসকলে একেলগে গছপুলি বিতৰণ কৰে।

এই অনুষ্ঠানৰ জৰিয়তে বিশ্ব পৰিৱেশ দিৱসৰ মূল ভাৱনাৰ সৈতে সংগতি ৰাখি স্থানীয় ৰাইজৰ মাজত এক প্ৰেৰণা সৃষ্টিৰ লগতে পৰিৱেশৰ প্ৰতি দায়িত্বশীল দৃষ্টিভংগী গঢ়ি তুলাৰ বাবে এক সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top