অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগবেলা এটা কয় আৰু পিছবেলা এটা কথা কয়-ক্ষোভিত ৰাইজ

একবিংশ শতিকাৰ কলংকজনক দৃশ্য ! পথৰ অভাৱত কোলাত তুলি ৰোগীক চিকিৎসালয়লৈ নিবলৈ বাধ্য পৰিয়াল

এইয়া একবিংশ শতিকাৰ দৃশ্য। উন্নয়ন আৰু সমবিকাশৰ নামত অসমৰ বহু ঠাই যেন এতিয়াও মধ্যযুগৰ চিত্ৰ বহন কৰি আছে। এনে এটি ঘটনা ঘটিছে শিৱসাগৰৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত ২নং ৰূপহীবামৰ পৰা নবিল সংযোগী পথত, য’ত ৰাস্তাৰ অৱস্থা ইমানেই বেয়া যে কোনো ধৰণৰ যানবাহনে চলাচল কৰিবলৈ অক্ষম।

এই দুখজনক অৱস্থাৰ ফলত আজি এটি হৃদয়বিদাৰক দৃশ্য প্ৰত্যক্ষ কৰিলে স্থানীয় ৰাইজে। এজন গভীৰভাৱে অসুস্থ ৰোগীক চিকিৎসালয়লৈ নিব লাগিছিল। কিন্তু পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে কোনো বাহন ৰোগীক নিব পৰা নাছিল। পৰিয়ালৰ লোকসকলে উপায়ন্তৰ হৈ কান্ধত তুলি, কোলাত ভৰাই ৰোগীক জৰাজীৰ্ণ পথেৰে তীব্ৰ যন্ত্ৰনাৰ মাজেৰে চিকিৎসালয়লৈ লৈ যাব লগা হয়।যাৰ প্ৰৰিপেক্ষিতত ৰোগী যন্ত্ৰনাৰ চিঞৰি উঠাৰ কণ্ঠ স্বৰৰ দৃশ্যই পতক্ষ্যদৰ্শী আৰু উপস্থিত সকলোকে স্তম্ভিত কৰি তোলে।

নবিল সংযোগী এই পথখন বহু বছৰ ধৰি সংস্কাৰৰ মুখ নেদেখা দুৰ্গম পথৰ প্ৰতিনিধি। গাঁওবাসীৰ অভিযোগ, বহু বাৰ স্থানীয় নেতৃত্বক অৱগত কৰিও কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। জৰুৰীকালীন সেৱা—যেনে এম্বুলেন্স, আৰক্ষী বাহন বা অগ্নি নিৰ্বাপক বাহন—ও এই পথেদি যাতায়ত কৰিব নোৱাৰা অৱস্থাত আছে।

স্থানীয় ৰাইজ ক্ষোভ প্ৰকাশ কৰি কয় য়ে কয়, “বৰবৰুৱাৰ ফিতা কটা উন্নয়ন, কেমেৰাৰ আগত দিয়া প্ৰতিশ্ৰুতিৰে গাঁওৰ দুখ-দুৰ্দশা ঢাকিবলৈ নোৱাৰি। বাস্তৱৰ উন্নয়ন নাই, মাথোঁ অব্যাহত ৰাখিছে জনপ্ৰতিনিধিৰ ঘোষণা আৰু ফটোছেছনৰ অঘোষিত প্ৰতিযোগীতা।”

এই ঘটনা মাত্ৰ এটা ঠাইত নহয়—ই একোটা বৃহৎ সমস্যাৰ প্ৰতীক, যি ৰাজ্যিক তথা কেন্দ্ৰীয় উন্নয়ন নীতিবোৰৰ বাস্তৱ ফলাফল সন্দেহৰ সন্মুখত উন্মোচিত কৰিছে।

গাঁওবাসীয়ে দাবী জনাইছে যে, তৎকালীনভাৱে পথখন সংস্কাৰ কৰি, অন্তত জৰুৰী সেৱা প্ৰদানৰ বাবে চলাচলযোগ্য কৰি তুলিবলৈ চৰকাৰে তৎপৰ হওঁক। নহ’লে অনাগত দিনত এনে বহুতো ৰোগীয়ে সময়তে চিকিৎসা নাপায় জীৱন হেৰুৱাব লগা হ’ব।

শেষত এখন প্ৰশ্ন—উন্নয়ন কাক কয়? ভোট প্ৰদানৰ বিনিময়ত পথত কান্ধত তুলি ৰোগীক নিয়া দৃশ্যই যদি আমাৰ সভ্যতাৰ প্ৰতিচ্ছবি হয়, তেন্তে বিজেপিৰ শাসনকালত সেই উন্নয়ন আৰু সমবিকাশে কাক উপকৃত কৰিছে?

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top