গেলেকী প্ৰেছ ক্লাৱৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন — বঁটা প্ৰদান, আলোচনা আৰু সাহিত্য উন্মোচনৰে মুখৰিত

গেলেকী প্ৰেছ ক্লাবে দিনজোৰা বর্ণাঢ্য কাৰ্যসূচীৰে নিজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। গেলেকী বদ্ৰীদাস মুদি বালিকা বিদ্যালয়ৰ প্রাঙ্গণত অনুষ্ঠিত এই অনুষ্ঠানত বিশ্ব পৰিৱেশ দিৱসো একেলগে পালন কৰা হয়।

অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হিচাপে গেলেকী অঞ্চলৰ দুজন পুৰোধা শিক্ষাবিদ — প্ৰাক্তন ছহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ সোণাৰাম বৰুৱা আৰু গেলেকী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৰেশ চেতিয়াক “গেলেকী ৰত্ন” বঁটাৰে পৃথকে পৃথকে সন্মানিত কৰা হয়।

প্ৰধান অনুষ্ঠানত এখন মুকলি সভা অনুষ্ঠিত হয়। সভাৰ আলোচ্য বিষয় আছিল “সাংবাদিকতা আৰু কৃত্ৰিম বুদ্ধিমত্তা”, য’ত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে শিৱসাগৰৰ বিশিষ্ট শিক্ষাবিদ, সমালোচক তথা স্তম্ভ লেখক চামছুল বাৰিক। আলোচনাত সাংবাদিকতাৰ সাম্প্ৰতিক সময়ৰ প্ৰত্যাহ্বান আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱৰ বিষয়ে বিশদ বিশ্লেষণ কৰা হয়।

অনুষ্ঠানত স্থানীয় ব্যক্তি ৰবীন বৰঠাকুৰৰ কাব্যগন্থ “অনুভুতিৰ একাজলি” নামৰ গন্থখনো উন্মোচন কৰা হয়। উন্মোচন কাৰ্যসূচীত জেষ্ঠ সাংবাদিক দিগন্ত বৰগোহাঁইও উপস্থিত থাকে।

অনুষ্ঠানটোত স্থানীয় কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, সাহিত্য সভাৰ বিষয়ববীয়া, বিভিন্ন দল-সংগঠনৰ প্রতিনিধি আৰু অঞ্চলটোৰ সংবাদকৰ্মীসকল উৎসাহসহকাৰে অংশগ্ৰহণ কৰাৰ লগতে এই অনুষ্ঠানটি অঞ্চলটোৰ সাহিত্য-সংস্কৃতিৰ উন্নয়ন, সংবাদিকতা আৰু সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত এটি দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top