ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কাউৰবাহাৰ বৰঘুলি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত…

পুনৰ ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কাউৰবাহাৰ বৰঘুলি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ।
চিকিৎসকৰ অনুপস্থিতিত ৰোগীৰ মৃত্যুৰ অভিযোগ ।
তামুলপুৰ জিলাৰ কাউৰবাহাৰ বৰঘুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুনৰ এটা মৰ্মান্তিক ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে ।

নুৰুল আলী নামৰ ৩০ বছৰীয়া এজন যুৱকৰ মৃত্যুৰ ঘটনাই চিকিৎসালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে চিকিৎসকৰ অনুপস্থিতিৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
জানিব পৰা মতে, নুৰুল আলী নিজৰ বাসগৃহত বৈদ্যুতিক সৰঞ্জাম মেৰামতিৰ কামত ব্যস্ত থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় ।

স্থানীয় লোকে ততাতৈয়াকৈ তেওঁক নিকটৱৰ্তী বৰঘুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় ।
কিন্তু দুৰ্ভাগ্যজনকভাৱে, উক্ত সময়ত চিকিৎসালয়ত এগৰাকীও চিকিৎসক উপস্থিত নাছিল বুলি গুৰুতৰ অভিযোগউত্থাপন কৰে উত্তেজিত ৰাইজে।

সময়োপযোগী চিকিৎসাৰ অভাৱত নুৰুলৰ অৱস্থা অধিক সংকটজনক হৈ পৰে ।
পৰিয়াল আৰু স্থানীয় লোকে তেওঁক উন্নত চিকিৎসাৰ বাবে ৰঙিয়ালৈ লৈ যোৱাৰ পথত যুৱকজনে আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে ।

এই ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰে।
ক্ষুব্ধ জনতাই চিকিৎসালয় চৌহদত ভিৰ কৰি চিকিৎসকৰ অনুপস্থিতিৰ তীব্ৰ প্ৰতিবাদ জনায় ।
ৰাইজৰ অভিযোগ, বৰঘুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰায়ে চিকিৎসক উপস্থিত নাথাকে, যাৰ ফলত জৰুৰী অৱস্থাত ৰোগীয়ে প্ৰয়োজনীয় চিকিৎসাৰ পৰা বঞ্চিত হয়

স্থানীয় লোকৰ মতে, এনে ধৰণৰ ঘটনা এই চিকিৎসালয়ত এইবাৰ প্ৰথম নহ য়।
পূৰ্বেও একাধিকবাৰ চিকিৎসকৰ অভাৱৰ বাবে ৰোগীয়ে সময়মতে চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
নুৰুল আলীৰ মৃত্যুৰ ঘটনাই চিকিৎসালয়ৰ দায়িত্বহীনতা আৰু স্বাস্থ্য ব্যৱস্থাৰ দুৰ্বলতাক পুনৰ পোহৰলৈ আনিছে ।
ক্ষুব্ধ ৰাইজে দাবী জনাইছে যে চিকিৎসালয়ত চিকিৎসকৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ লগতে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হওক ।
নুৰুল আলীৰ এই অকাল মৃত্যুৱে গ্ৰাম্য অঞ্চলৰ স্বাস্থ্যসেৱাৰ মানদণ্ডৰ উপৰি গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে।
ৰাইজৰ ক্ষোভ আৰু দাবীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই বিষয়ত কি ব্যৱস্থা গ্ৰহণ কৰে, তাৰ ওপৰত সকলোৰ দৃষ্টি নিৱদ্ধ হৈ আছে ।