১০ মে’ত বিয়া, ২২ মে’ত হনীমুন
শেষত প্ৰেমিকৰে মিলি স্বামীক হত্যা
১০ মে’ত বিয়া, ২২ মে’ত হনীমুনৰ বাবে শ্বিলংত, ২৩ মে’ৰ পৰা ফোন বন্ধ, ২ জুনত স্বামীৰ মৃতদেহ উদ্ধাৰ, ৮ জুনত তিনি হত্যাকাৰীসহ পৰিকল্পনাকাৰী পত্নী সোনাম আৰক্ষীৰ জালত।

কিমান হিংস্ৰ-নিষ্ঠুৰ হ’লে গছ কটা কৰতেৰে নিজ স্বামীক কাটি কাটি হত্যা কৰিব পাৰে। তাকো নৱ বিবাহিতা এগৰাকী পত্নীয়ে হনিমুনৰ বাবে আহি এনেদৰে স্বামীক হত্যা কৰিব বুলি হয়তো কোনেও কল্পনাই কৰিব পৰা নাছিল।

সোনাম ৰঘুবংশি নামৰ মহিলা গৰাকী কিমান ভয়ানক আছিল সেই কথাৰ উমানেই নাপালে স্বামী ৰাজা ৰঘুবংশিয়ে।

নিজৰ প্ৰেমিক ৰাজৰ সৈতে মিলি ভাৰাতীয়া হত্যাকাৰীৰ সহযোগত ১০ মে’ত বিবাহ পাশত আবদ্ধ হোৱা স্বামী ৰাজা ৰঘোবংশীক গছ কৰা কৰতেৰে কাটি হত্যা কৰিছিল। ঘটনা সংঘটিত কৰি সহযোগীৰ সৈতে পলাই যোৱাৰ CCTV ফুটেজ লাভ কৰে মেঘালয় আৰক্ষীয়ে। যাৰ জৰিয়তে তিনিগৰাকী হত্যাকাৰী (মধ্যপ্ৰদেশৰ supari killer) আৰু হত্যাকাৰী পত্নী সোনামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
