কাৰবি আংলং সদৰ ডিফুত ৯ টাকৈ সংগঠনৰ ধৰ্ণা কাৰ্যসূচী

স্বায়ত্ত ৰাজ্যৰ (সংবিধানৰ ২৪৪)ৰ দাবীলৈ কাৰবি আংলং সদৰ ডিফুত এপি এইছএলচি  এএছডিচি  কেএছএকে ধৰি ৯ টাকৈ সংগঠনৰ উত্তাল ধৰ্ণা কাৰ্যসূচী

কাৰবি আংলং,পশ্চিম কাৰবি আংলং আৰু ডিমা হাছাওক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত উত্তাল হৈ পৰিছে দিফু ৷ এপিএইছএলচি জেমছ হানছে গোট, এএছডিচি, কেএনচিএ, কেএছএ, কাৰা, উইমেন কেএছএকে ধৰি ৯ টা অগ্ৰণী সংগঠনে হাতে হাতে প্লে’ কাৰ্ড, বেনাৰ আদিলৈ আজি ডিফু ডাকঘৰৰ সন্মূখত উত্তাল প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদকাৰী সকলে, ন’ ইট’নমাছ ষ্টেট, ন ৰেষ্ট, আমাক স্বায়ত্ত ৰাজ্য লাগিবই, এপিএইছএলচি জিন্দাবাদ, এএছডিচি জিন্দাবাদ আদি শ্লগানেৰে ডিফুৰ আকাশ-বতাহ কঁপাই তোলে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top