সাংসদ অজিত কুমাৰ ভূঞাক তীব্ৰ কটাক্ষ ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ

‘একেটা ৰাস্তাকে তিনিবাৰ দেখাই দিয়া হৈছে। কিন্তু তিনিটা শিলো পৰা নাই।’

‘আমি ৰাস্তা হ’লে ভালপাওঁ। তেওঁৰ লগত আমাৰ কোনো শত্ৰুতা নাই। তেওঁক আমি সন্মানো কৰোঁ। কিন্তু তেওঁৰ নিচিনা সন্মানৰ ব্যক্তি এজনে যে ইমান গৰ্হিত কাম কৰিব, গাঁৱৰ মানুহৰ উন্নয়নৰ নামত অহা পইচা হৰলুকি কৰিব! অসমৰ ৰাজনীতিত প্ৰথমবাৰৰ ইতিহাস। কোনো সাংসদ বা বিধায়কে এটা চপৰা নপৰাকৈ এনেকৈ ২/৪ কোটি টকা খোৱা ৰেকৰ্ড নাই, তেওঁ ৰেকৰ্ড কৰি দিলে।’

‘তাৰ উচিত শাস্তি তেওঁ পাব লাগিব’ – এনেদৰে সাংসদ অজিত কুমাৰ ভূঞাক তীব্ৰ কটাক্ষ কৰিলে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই

উল্লেখযোগ্য যে, সোমবাৰৰ দিনটোত চি এম ভিজিলেঞ্চত হাজিৰ হয় সাংসদ অজিত কুমাৰ ভূঞা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top