ভটিয়াপাৰ গেছ নিৰ্গমনক লৈ শিৱসাগৰত তীব্ৰ প্ৰতিবাদ — বিতৰ্কিত আগৰৱালাৰ কাৰ্যালয় ঘেৰাও, ক্ষতিপূৰণ আৰু ক্ষমাৰ দাবী

শিৱসাগৰ জিলাৰ ভটিয়াপাৰৰ বাৰী চুকস্থিত অএনজিচিৰ ১৪৭ নং এ ৰীগত বিগত প্ৰায় পাঁচ দিন ধৰি অহৰহভাৱে গেছ নিৰ্গত হৈ থকাৰ ফলত সমগ্ৰ অঞ্চল আতংকময় পৰিস্থিতিৰ সন্মুখীন হৈছে। গেছ নিৰ্গমনৰ ফলত স্থানীয় ৰাইজৰ ঘৰ-বাৰী, খেতি-পথাৰ, গৰু-ছাগলী আৰু জীৱন নিৰ্ভৰশীল অন্যান্য সম্পত্তিৰ বিপুল ক্ষতি সাধন হৈছে। যদিও ৰাইজে বিগত কেইদিন ধৰি অএনজিচিৰ বিৰুদ্ধে সোচ্চাৰ হৈ আহিছে, কিন্তু বৰ্তমানলৈকে অএনজিচি কতৃপক্ষই গেছ নিৰ্বাপন কৰাৰ ক্ষেত্ৰত কোনো সফলতা লাভ কৰিব পৰা নাই।

এই ক্ষেত্ৰত আজি ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰত তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে বীৰ লাচিত সেনাই। সংগঠনটোৰ প্ৰশাসনীয় সচিব শৃংখল চলিহাৰ নেতৃত্বত আজিৰে পৰা বিতৰ্কিত ব্যৱসায়ী এছ কে পেত্ৰৰ স্বত্বাধিকাৰী আগৰৱালাৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

উল্লেখযোগ্য যে, আগৰৱালাৰ বিৰুদ্ধে পূৰ্বেও শিৱসাগৰ নগৰৰ সমীপত এজন বিশেষ ব্যক্তিৰ পৰা বলপূৰ্বকভাৱে নিজৰ গুণ্ডা বাহিনী লগত লৈ মাটি দখল কৰাৰ অভিযোগ উঠিছিল। সংগঠনটোৰ অভিযোগ অনুসৰি, এই আগৰৱালাই অএনজিচিৰ উক্ত ৰীগটোৰ স্বত্বাধিকাৰী হিচাপে গেছ নিৰ্গমনৰ বিষয়ত দায়িত্বহীনতা দেখুৱাইছে। সংগঠনে দাবী জনাইছে যে আগৰৱালাই নিজে আহি আৰু ৰাইজৰ ওচৰত ক্ষমা নোখোজা পৰ্যন্ত আৰু গেছ নিৰ্গমনত প্ৰাণ হেৰুৱা লোকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব।

বীৰ লাচিত সেনাৰ এই প্ৰতিবাদক সমৰ্থন জনাইছে জাতীয় সংগ্ৰামী সেনা অসম আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চ‌ৰ দৰে সংগঠনেও।

অঞ্চলটোৰ অৱস্থা বাঘজানৰ দূৰ্ঘটনাক পুনৰ স্মৰণ কৰাইছে বুলি বহু সচেতন নাগৰিকে মন্তব্য কৰিছে। স্থানীয় ৰাইজৰ লগতে ছাত্ৰ-যুৱ সংগঠনৰ সক্ৰিয় অংশগ্ৰহণৰ ফলত অএনজিচি আৰু চৰকাৰক শীঘ্ৰে দায়িত্ব ল’বলৈ বাধ্য কৰিব পাৰে বুলি আশা প্ৰকাশ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top