নলবাৰীৰ বৰক্ষেত্ৰীত ভয়ংকৰ নাও দুৰ্ঘটনা ৷ নিহত তিনিগৰাকীৰ নাম ঘোষণা জিলা প্ৰশাসনৰ। সন্ধানহীন কেইবাজনো যাত্ৰী ৷

নলবাৰীৰ বৰক্ষেত্ৰীত ভয়ংকৰ নাও দুৰ্ঘটনা ৷
বৰক্ষেত্ৰীৰ গোৰাক্ষাট্টাৰী-নদিয়া পাৰঘাটত নাও দুৰ্ঘটনা ৷
নাও ভাগি নৈৰ বুকুত সন্ধানহীন হৈ পৰিছে কেইবাজনো যাত্ৰী ৷
দুৰ্ঘটনাত কেইবাজনো ছাত্ৰ-ছাত্ৰী সন্ধানহীন হোৱাৰ আশংকা ৷
চৰাঞ্চলৰ পৰা নৈৰ সুতি পাৰ হৈ গোৰাক্ষাট্টাৰী-নদিয়া পাৰঘাটলৈ আহি আছিল নাওখন ৷
অত্যাধিক যাত্ৰী কঢ়িয়াই নৈৰ সুতি পাৰ হবলৈ চেষ্টা কৰিছিল নাৱৰীয়াই ৷
নাওখনত আছিল বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় শতাধিক লোক ৷
নৈৰ বুকুৰ পৰা জীৱন্তে উদ্ধাৰ হৈছে কেইবাজনো লোক ৷
স্থানীয় লোকে নৈৰ বুকুত যন্ত্ৰচালিত নাৱৰ সহায়ত চলাইছে উদ্ধাৰ অভিযান ৷
দুৰ্ঘটনাত পতিত নাওখনত নাছিল কোনো ধৰণৰ নিৰাপত্তা

নাওখনত নাছিল লাইফ জেকেট।
আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ হাততো নাই নাওখনৰ যাত্ৰীৰ তথ্য ৷
বৰক্ষেত্ৰী নাওঁ দুৰ্ঘটনা।
নিহত তিনিগৰাকীৰ নাম ঘোষণা জিলা প্ৰশাসনৰ
1 গফুৰ আলী।(৫০)
2 আৰিয়ান আলী,তৃতীয় শ্ৰেণী(৮ বছৰ)
3 মাজিদুল ইছলাম(১৫)নৱম শ্ৰেণীৰ ছাত্ৰ। ৰামপুৰ জনতা হাইস্কুল।
