ৰঙিয়াত উদণ্ড যুৱকৰ আক্ৰমণত গুৰুতৰভাবে আহত বাছ চালক।


ভূটানৰ পৰাই ৰঙিয়া আহি উপস্থিত হোৱাৰ লগে লগে কাজিৰঙা নামৰ আল্ট্ৰা বাছৰ চালকক উপৰ্যুপৰি আক্ৰমণ কৰে ৰঙিয়াত একাংশ উদণ্ড যুৱকে।

ৰঙিয়াত উদণ্ড যুৱকৰ আক্ৰমণত গুৰুতৰভাবে আহত বাছ চালক

ভূটানৰ পৰাই ৰঙিয়া আহি উপস্থিত হোৱাৰ লগে লগে কাজিৰঙা নামৰ আল্ট্ৰা বাছৰ চালকক উপৰ্যুপৰি আক্ৰমণ কৰে ৰঙিয়াত একাংশ উদণ্ড যুৱকে

ঘটনা অনুসৰি ৰাতিপুৱাৰ ভাগত ৰঙিয়াৰ হাইৱে চ’কত গাড়ীৰ সময়সূচীক লৈ বাক বিতণ্ডত লিপ্ত হৈছে কাজিৰঙা নামৰ বাছখনৰ সৈতে অন্য এখন বাছৰ।

আবেলি ভূটানৰ পৰাই যাত্ৰী কঢ়িয়াই ৰঙিয়ালৈ উভতি আহোতে কাজিৰঙা নামৰ বাছখনৰ চালকক একাংশ লোকে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত কৰে।

ঘটনা সন্দৰ্ভত বাছৰ স্বত্বাধিকাৰীয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top