মাৰোৱাৰী যুৱ মঞ্চ ৰঙিয়া শাখাৰ দ্বাৰা মাত্ৰ ১০ টকাত স্বাস্থ্য পৰীক্ষা!

ৰঙিয়াত মাত্ৰ ১০ টকাত স্বাস্থ্য পৰীক্ষা!
সোমবাৰে মাৰোৱাৰী যুৱ মঞ্চ ৰঙিয়া শাখাৰ দ্বাৰা বি ডি জি ৰমেশ গোয়েল সেৱা সংগঠনৰ সহযোগত মাত্ৰ ১০ টকা ভৰ্তি মাচুল দি স্বাস্থ্য পৰীক্ষা কৰা হয়।
বেচৰকাৰী বাছ আস্থান, ভূটান ৰোডত সংগঠনটোৰ সেৱা প্ৰদান কৰা বাছত আয়োজিত স্বাস্থ্য পৰীক্ষা শিৱিৰটোত প্ৰায় দুশৰো অধিক মানুহৰ স্বাস্থ্যৰ পৰীক্ষা কৰা হয়।
উল্লেখযোগ্য যে, মাৰোৱাৰী যুৱ মঞ্চই জন্মৰে পৰা জনতাৰ সেৱাত সমৰ্পিত মনোভাৱেৰে কাম কৰি আহিছে।
সংস্থাটোৰ সৈতে যোগাযোগ কৰা ৰোগীক তেজ, অক্সিজেন আদি প্ৰয়োজন সাপেক্ষে তেওঁলোকে যোগান ধৰি আহিছে।