ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ আৰু বিপি এক্সপ্লোৰেছনৰ বিৰুদ্ধে ২৫ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ জাৰি- অ’ এন জি চিৰ ব্লকৰ পৰা অবৈধভাৱে প্ৰাকৃতিক গেছ খনন, বিক্ৰীৰ অপৰাধত। ৰাষ্ট্ৰীয়কৃত সংস্থা অ’ এন জি চিৰ ব্লকৰ পৰা অবৈধভাৱে প্ৰাকৃতিক গেছ খনন কৰাৰ লগতে সেয়া বিক্ৰীৰ অভিযোগ উত্থাপন হৈছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু বিপি এক্সপ্লোৰেছনৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি ২০১৩ চনত কৃষ্ণা আৰু গোদাবৰী সাগৰত অ’ এন জি চিৰ ব্লকৰ পৰা অবৈধভাৱে প্ৰাকৃতিক গেছ খনন কৰিছিল ৰিলায়েন্স আৰু তেওঁলোকৰ সহযোগী সংস্থা বিপি এক্সপ্লোৰেছনে। কিন্তু ৰিলায়েন্স আৰু তেওঁলোকৰ সহযোগী সংস্থাৰ বিশেষজ্ঞসকলে দাবী কৰি আহিছিল মাটিৰ ওপৰত সীমা নিৰ্ধাৰণ কৰাটো সম্ভৱ হলেও সাগৰতলীত প্ৰাকৃতিক গেছৰ খনিত সেই সীমা ভাগ কৰাটো সম্ভৱ নহয়।

সেই অঞ্চলটোত অ এন জি চিৰ নিৰ্ধাৰিত ব্লক হল কেজি-ডি৫। তাৰ ঠিক কাষতে আছিল ৰিলায়েন্স আৰু বিপি এক্সপ্লোৰেছনৰ মালীকানাধীন কেজি-ডি৬ বল্ক। অ এন জি চিৰ পাৰ্শ্ববৰ্তী ব্লক হোৱাৰ বাবেই ৰিলায়েন্স আৰু বিপি এক্সপ্লোৰেছনে অ’ এন জি চিৰ ব্লকৰ পৰা অবৈধভাৱে প্ৰাকৃতিক গেছ খনন কৰিবলৈ আৰম্ভ কৰিছিল।

পাছত এই বিষয়টো পাইগৈ ন্যায়ালয়ৰ মজিয়া। কেন্দ্ৰই ৰিলায়েন্স আৰু বিপি এক্সপ্লোৰেছনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালত গোচৰ দাখিল কৰে। অৱশ্যে ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে সেইবাৰ ৰিলায়েঞ্চৰ সপক্ষেই ৰায় প্ৰদান কৰে। এই ৰায়ৰ বিৰুদ্ধে পাছত ডিভিজনেল বেঞ্চত আবেদন কৰে কেন্দ্ৰই। যোৱা ১৪ ফেব্ৰুৱাৰীত সেই গোচৰৰ চূড়ান্ত শুনানিত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰেখা পাতিল আৰু সৌৰভ বেনাৰ্জীৰ ডিভিজনেল বেঞ্চে কেন্দ্ৰৰ সপক্ষে ৰায় প্ৰদান কৰে। অবৈধভাৱে গেছ খননৰ দোষত দোষী সাব্যস্ত কৰা হয় ৰিলায়েন্স আৰু বিপি এক্সপ্লোৰেছনক।

তদুপৰি কেন্দ্ৰই দুয়োটা প্ৰতিষ্ঠানকে মুঠ ২৫ হাজাৰ কোটি টকা কেন্দ্ৰক ক্ষতিপূৰণ হিচাপে আদায় দিবলৈ নিৰ্দেশ দিছে। সেই নিৰ্দেশৰ পাছতে বৰ্তমান কেন্দ্ৰই ৰিলায়েন্স আৰু বিপি এক্সপ্লোৰেছনলৈ ২৫ হাজাৰ কোটি টকাৰ ডিমাণ্ড নটিছ জাৰি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top