গুৱাহাটীঃ শুকুৰবাৰে বিধানসভাত জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে কয় যে ২০১৫-১৬ চনৰ পৰা যোৱা ৯ বছৰত অসমৰ মুঠ কৃষিভূমি সামান্য হ্ৰাস পোৱাৰ বিপৰীতে জলসিঞ্চিত ভূমি বৃদ্ধি পাইছে। নিৰ্দলীয় বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত সিংঘালে কয় যে, ২০১৫-১৬ চনত ৰাজ্যৰ মুঠ কৃষিভূমি আছিল ৩৫.০৯ লাখ হেক্টৰ, যিটো ২০২৪-২৫ চনত ৩৪.৯৪ লাখ হেক্টৰলৈ হ্ৰাস পাইছে। তেওঁ লগতে […]
অসম : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ বাৰ্বাডোছত বঁটা গ্ৰহণ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই
গুৱাহাটী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ বাৰ্বাডোছত বঁটা গ্ৰহণ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বাৰ্বাডোছ চৰকাৰে আগবঢ়াইছে বিশেষ সন্মান। ‘অনৰেৰী অৰ্ডাৰ অৱ ফ্ৰিডম অৱ বাৰ্বাডোছ’ বঁটা আগবঢ়োৱা হৈছে নৰেন্দ্ৰ মোদীলৈ। কোভিড মহামাৰীৰ সময়ছোৱাত আগবঢ়োৱা সেৱা আৰু নেতৃত্বৰ বাবে বাৰ্বাডোছ চৰকাৰৰ দ্বাৰা আগবঢ়োৱা হয় এই বিশেষ স্বীকৃতি। প্ৰধানমন্ত্ৰী মোদীৰ হৈ বাৰ্বাডোছৰ ব্ৰীজটাউনত অনুষ্ঠিত এক […]
অসমঃ ২ এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন
গুৱাহাটীঃ শুকুৰবাৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰে যে ২ এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এক বিবৃতিত আয়োগে কয় যে ৩৬টা সমষ্টিৰ আটাইকেইটা সমষ্টিৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৫ মাৰ্চত নিৰ্ধাৰণ কৰা হৈছে আৰু দুদিন পিছত আবেদনৰ তদন্ত কৰা হ’ব। ১৭ মাৰ্চত বৈধ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব আৰু প্ৰাৰ্থী প্ৰত্যাহাৰৰ […]
নিয়ন্ত্ৰণ হেৰুৱালে এলন মাস্কৰ ৰকেটে…
নিয়ন্ত্ৰণ হেৰুৱালে এলন মাস্কৰ ৰকেটে… নিয়ন্ত্ৰণ হেৰুৱালে এলন মাস্কৰ ৰকেটে। ৪০৩ ফুট ওখ উচ্চতাৰ ৰকেটটোৱে সূৰ্যাস্তৰ ঠিক আগতে টেক্সাছৰ পৰা উৰা মাৰিছিল। ৬ মাৰ্চ বৃহস্পতিবাৰে উৎক্ষেপণৰ মাত্ৰ কেইমিনিটমানৰ পিছতে ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ ষ্টাৰশ্বিপ ৰকেট নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱাৰ ফলত ইয়াৰ টুকুৰাবোৰ দক্ষিণ ফ্ল’ৰিডা আৰু বাহামাৰ ওচৰৰ আকাশত সিঁচৰতি হৈ পৰে। প্ৰথম পৰ্যায়ত স্পেচএক্সে সফলতাৰে […]
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা www.site.sebaonline.org ৱেবছাইটত উপলব্ধ ফলাফল।ৰোল নম্বৰ আৰু Password টাইপ কৰি ফলাফল লাভ কৰিব পাৰিব। লগতে www.assam.gov.in ৱেবছাইটতো লাভ কৰিব পৰীক্ষাৰ ফলাফল ঘোষণা হ’ল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল। নিশাই অনলাইনযোগে উপলব্ধ ফলাফল। ১৩ লাখ ৩৬ হাজাৰ ১০৬ গৰাকী প্রাৰ্থীয়ে তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তৃতীয় বৰ্গৰ […]
স্বাস্থ্য কৰ্মীৰ তীব্ৰ প্ৰতিবাদত উত্তাল সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ…
স্বাস্থ্য কৰ্মীৰ তীব্ৰ প্ৰতিবাদত উত্তাল সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ…. সমগ্র ৰাজ্যৰ লগতে এইবাৰ সৰভোগতো স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদ স্বাস্থ্য কৰ্মীৰ তীব্ৰ প্ৰতিবাদে উত্তাল কৰি তুলে সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত। কৰ্মবিৰতি সদৌ অসম স্বাস্থ্য কাৰিকৰী আৰু কল্যাণ সংস্থা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত একেৰাহে তিনিদিন ধৰি চলি আছে তীব্ৰ প্ৰতিবাদ । NHM ৰ অধীনত কৰ্মৰত […]
পুনৰ স্বপ্নভংগ দক্ষিণ আফ্ৰিকাৰ!ফাইনেলত টীম ইণ্ডিয়াৰ সন্মুখত নিউজিলেণ্ড…
পুনৰ স্বপ্নভংগ দক্ষিণ আফ্ৰিকাৰ!ফাইনেলত টীম ইণ্ডিয়াৰ সন্মুখত নিউজিলেণ্ড… ফাইনেলৰ দুৱাৰডলিৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিদায়, নিউজিলেণ্ডৰ ৰোমাঞ্চকৰ জয়।পুনৰ স্বপ্নভংগ দক্ষিণ আফ্ৰিকাৰ!চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ দুৱাৰডলিৰ পৰা বিদায় মাগিলে দক্ষিণ আফ্ৰিকাই।প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিপক্ষে ৫০ ৰানৰ ব্যৱধানত পৰাজয়বৰণ কৰি বিদায় মাগিলে দলটোৱে। বুধবাৰে লাহোৰত অনুষ্ঠিত মেচখনত আৰম্ভণিতেই বেট ধৰি নিউজিলেণ্ডে শক্তিশালী স্ক’ৰ থিয় কৰায়। দলটোৰ দুগৰাকীকৈ […]
বিধায়ক হোৱাৰ পাছৰ পৰা অখিল গগৈ দিচাংমুখত অদৃশ্য!
দিচাংমুখত বিধায়কৰ প্ৰতিশ্ৰুতি— মুখৰ কথা, কাম নাই!দুখীয়া ৰাইজৰ-অশ্ৰু বিধায়কৰ চকুত নপৰে নেকি?বিধায়ক হোৱাৰ পাছৰ পৰা অখিল গগৈ দিচাংমুখত অদৃশ্য! শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ লগতে দিচাংমুখৰ ৰাইজৰ মাজতো প্ৰতিশ্ৰুতিৰ বন্যা বুৱালে, কিন্তু আজিলৈকে কোনো সমস্যাৰ স্থায়ী সমাধান নাপালে। শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু তেওঁৰ দলে বহু প্ৰতিশ্ৰুতি দিছিল— বিশেষকৈ দিচাংমুখত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হব বুলি […]
আম্বানীৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বনতাৰা উদ্বোধন কৰি পঞ্চমুখ হৈ পৰিছে আম্বানীৰ প্ৰশংসাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩০০০ একৰ ভূমিত অৱস্থিত অভয়াৰণ্যখনত উপলব্ধ সা-সুবিধা সমূহ পৰিদৰ্শন কৰি অভিভূত হৈ পৰে। আৰু কেন্দ্ৰটোৰ বিভিন্ন জীৱ-জন্তুৰ সৈতে কিছু মুহূৰ্ত অতিবাহিত কৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে। গুজৰাটৰ জামনগৰত মঙলবাৰে বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰ ‘বনতাৰা’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ […]
২৫ হাজাৰ কোটিৰ ডিমাণ্ড নটিছ ৰিলায়েন্স আৰু বিপি এক্সপ্লোৰেছনলৈ
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ আৰু বিপি এক্সপ্লোৰেছনৰ বিৰুদ্ধে ২৫ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ জাৰি- অ’ এন জি চিৰ ব্লকৰ পৰা অবৈধভাৱে প্ৰাকৃতিক গেছ খনন, বিক্ৰীৰ অপৰাধত। ৰাষ্ট্ৰীয়কৃত সংস্থা অ’ এন জি চিৰ ব্লকৰ পৰা অবৈধভাৱে প্ৰাকৃতিক গেছ খনন কৰাৰ লগতে সেয়া বিক্ৰীৰ অভিযোগ উত্থাপন হৈছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু বিপি এক্সপ্লোৰেছনৰ বিৰুদ্ধে। অভিযোগ অনুসৰি ২০১৩ চনত কৃষ্ণা আৰু […]